• Document Search

অসমৰ অধ্যক্ষ

অসমৰ অধ্যক্ষ

শ্রী বিশ্বজিৎ দৈমাৰী

অধ্যক্ষ: অসম বিধানসভা

বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ। ২০২১ চনৰ ২১ মে' তাৰিখে তেওঁ অধ্যক্ষ হিচাপে পদভাৰ গ্ৰহণ কৰে। বিশ্বজিৎ দৈমাৰী ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ৰাজনীতিবিদ।

যোগাযোগ

+৯১-৩৬১-২২৬১৩৭১/ ২২৩০০৬৪

legislative-asm@nic.in

সবিশেষ

ভাৰতীয় জনতা পাৰ্টী আৰু বড়োলেণ্ড পিপলস ফ্রণ্টৰ এগৰাকী সদস্য হিচাপে ৰাজ্যসভাত বিশ্বজিৎ দৈমাৰীয়ে অসমক প্ৰতিনিধিত্ব কৰে। ২০০১ ৰ পৰা ২০০৬ চনলৈকে তেওঁ পোন প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত ২০০৮ ৰ পৰা ২০১৪ চনলৈকে ৰাজ্যসভাৰ সংসদীয় সদস্য হিচাপে মনোনীত হয়। ২০১৪ ৰ পৰা ২০২০ চনলৈ দ্বিতীয় বৰ্ষৰ বাবে তেওঁ বড়োলেণ্ড পিপলস ফ্রণ্টৰ সদস্য ৰূপে নিৰ্বাচিত হোৱাৰ লগতে, চলিত বৰ্ষ অৰ্থাৎ ২০২১ চনত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ২০২০ চনৰ নৱেম্বৰ মাহত, বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ নিৰ্বাচনৰ আগেয়ে তেওঁ বড়়োলেণ্ড পিপলস ফ্রণ্টৰ পৰা আঁতৰি আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। ২০২০ চনৰ ২১ নৱেম্বৰ তাৰিখে তেওঁ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে। ২০২১ চনৰ ২৩ ফেব্রুৱাৰী তাৰিখে তেওঁ পুনৰ নিৰ্বাচিত হয়।

১৯৭১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে অসমৰ বাক্সা জিলাৰ সুৱাগপুৰত বিশ্বজিৎ দৈমাৰীয়ে জন্মগ্ৰহণ কৰে। পিতৃ সুৰেন্দ্ৰ দৈমাৰী আৰু মাতৃ ফেদাব দৈমাৰী। কোকৰাঝাৰ মহাবিদ্যালয়ৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে আৰু মাদুৰাইস্থিত মাদুৰাই কামাৰাজ বিশ্ববিদ্যলয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।